10/10/2025
♥️জুবিন গাৰ্গে ঠিকেই কৈছিল, 🥺✅👉🏼
✅"মোৰ গানবোৰ মানুহে এতিয়া এনেই শুনি থাকে, কিন্তু মোৰ মৃত্যুৰ পাছত মোৰ গানবোৰ বুজি পাব আৰু মোৰ গানতেই মোক বিচাৰি পাব ।"
♥️শিশুসুলভ স্বভাৱৰ জুবিন গাৰ্গ বিশেষ ক্ষমতাৰ অধিকাৰী এজন ভৱিষ্যতবক্তাও আছিল । আৰু সঁচাকৈয়ে এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ প্ৰতিটো গানৰ শব্দবোৰ বুজিবলৈ চেষ্টা কৰিছোঁ আৰু বুজি উঠি নিজেই কান্দিছোঁ । তেওঁৰ প্ৰতিটো ভিডিঅ' শেষলৈকে একান্তমনে চাই চাই অনুভৱ কৰি তেওঁক বিচাৰি পাইছোঁ । এতিয়া আমনিও লগা নাই, বাৰে বাৰে তেওঁৰ গীত শুনি তেওঁক বিচাৰি পাইছোঁ তেওঁৰ গানৰ মাজতেই । ♥️
♥️জুবিন গাৰ্গে কণ্ঠদান কৰা এই গীতটো যেতিয়াই শুনিছোঁ তেতিয়াই কান্দিছোঁ । 🥺🥺
🥺 মই নথকাৰ অনুভৱ
যিদিনা হ'ব তোমাৰ
সিদিনা অশ্ৰু নিগৰিবনে কোৱা,
মোৰ কবিতাৰ ছন্দ, গানৰ সুৰ
বুজিবা তুমি সেইদিনা
যিদিনা মই নাথাকিম জানা
তোমাৰ প্ৰিয় গীত গাবলে...
✅হয়, আজি তোমাৰ অবৰ্তমানত তোমাৰ গীত শুনি সমগ্ৰ অসমবাসীৰেই অশ্ৰু নিগৰিছে । তোমাৰ প্ৰতিটো গীতৰ সুৰেই আমাৰ প্ৰিয় হৈ পৰিছে । তুমি নোহোৱা হৈ যোৱা দিনাৰপৰা প্ৰতিটো মুহূৰ্তত মাথোঁ তোমাৰ গীতেৰেই তোমাক সুঁৱৰিছে । তুমি নথকাৰ অনুভৱ সকলোৰে বাবে এক অব্যক্ত বেদনা হৈ পৰিছে ।😭
✅গীতটো লিখিছিল আকাশ .🌍..। উপাধিটো পাহৰিছোঁ । এনে লাগে আকাশে গীতটো যেন জুবিন গাৰ্গৰ বাবেই লিখিছিল । জুবিন গাৰ্গে আকাশৰ গীত গাই সাংস্কৃতিক জগতত তেওঁক পৰিচয় কৰাই দিছিল । সৰুৰপৰাই আকাশৰ জুবিন গাৰ্গক লগ কৰাৰ প্ৰবল ইচ্ছা আছিল । ২০০৪ চনত আকাশ যেতিয়া পিতৃহাৰা হৈছিল তেতিয়া দুজন ব্যক্তিয়ে আকাশক জুবিন গাৰ্গৰ কাষলৈ লৈ গৈছিল । আৰু তেতিয়াই আকাশে এই স্বৰচিত গীতটো জুবিন গাৰ্গৰ হাতত তুলি দি কৈছিল ..."দাদা, মই এতিয়া নিঠৰুৱা, অনাথ ।" তেতিয়া জুবিন গাৰ্গে কৈছিল ..."হেই তই অনাথ নহয়, মই আছোঁ নহয় !" সেইবুলি কৈ তেওঁ আকাশৰ হাতত নগদ ৩২,৩০০ টকা তুলি দি কৈছিল, "এইটো ধৰ আৰু তই নিজৰ ভৰিত থিয় হ'বলৈ চেষ্টা কৰিবি ।" আকাশে সেই টকাৰেই দেউতাকৰ আদ্যশ্ৰাদ্ধ পাতিছিল ।😭
✅বহু কষ্টৰ মূৰত এদিন আকাশে বায়ুসেনাৰ চাকৰি লাভ কৰিছিল । চাকৰি পাই ২০১৬ চনত আকাশ যেতিয়া জুবিন গাৰ্গৰ কাষলৈ গৈছিল তেতিয়া জুবিন গাৰ্গে আকাশক কেইজনমান গণ্য-মান্য ব্যক্তিৰ ওচৰলৈ নি চিনাকি কৰি দি কৈছিল, এই ল'ৰাটোৰ নাম আকাশ । ২০০৪ চনত ই মোৰ ওচৰলৈ আহোঁতে মই তাক কৈছিলোঁ, তই গান লিখি থাকিবি আৰু নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ চেষ্টা কৰিবি । এতিয়া ই চাকৰি পাইছে, আৰু আজি ই "ৰিয়েল অব ফাইটাৰ" হৈ মোৰ কাষলৈ আহিছে ।" ♥️
✅প্ৰকৃতাৰ্থত, মানৱ দৰদী তথা মহান শিল্পী জুবিন গাৰ্গে যেন দুখীয়া-নিঠৰুৱা মানুহৰ বাবেই জনম লৈছিল । কিন্তু আজি এই মানৱ দৰদী মহান শিল্পীজনাৰ শূন্যতাত সমগ্ৰ অসমবাসীয়ে নিঠৰুৱা হৈ ৰ'ল । জাতি-বৰ্ণ, উচ্চ-নীচ, ধনী-দুখীয়াক লৈ ভেদভাৱ নথকা মহান শিল্পী জুবিন গাৰ্গে মানৱীয়তাৰ মাধ্যমেৰে সমাজত শান্তি, ন্যায় আৰু ঐক্য স্থাপনৰ চেষ্টা কৰিছিল । যি অন্তৰ্নিহিত উদেশ্যক আজি অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছে । 😭
♥️অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ সদায় অসমীয়াৰ প্ৰাণত থাকিব । তেওঁৰ গান শুনি টোপনি যাব, তেওঁৰ গানত ৰাতিপুৱাব । আৰু তেওঁৰ গানতেই সকলোৰে জুবিন গাৰ্গক বিচাৰি পাব 🙏🙏।
(COPY) গায়ত্ৰী/পলী
Share this post 👉🏼✅