Book Nook Cafe

Book Nook Cafe Bringing together the warmth in books with that of coffee!

সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰি উলিওৱা ১৯৭৯ চনৰ পৰা ২০১০ চনলৈ নিৰ্বাচিত অসমীয়া গল্পৰ প্ৰথমটো খণ্ড বুক নুক কেফেত উপলব্ধ হৈ...
09/05/2026

সাহিত্য অকাডেমিয়ে প্ৰকাশ কৰি উলিওৱা ১৯৭৯ চনৰ পৰা ২০১০ চনলৈ নিৰ্বাচিত অসমীয়া গল্পৰ প্ৰথমটো খণ্ড বুক নুক কেফেত উপলব্ধ হৈছে । এই সংকলনত চৈয়দ আব্দুল মালিকৰ 'পোৰা গাঁৱত পহিলা বহাগ'ৰ পৰা বন্তি শেনচোৱাৰ 'জল ভৰি যশোদা'লৈ মুঠ বত্ৰিছটা গল্প সন্নিৱিষ্ট হৈছে । সম্পাদনা : ধ্ৰুৱজ্যোতি বৰা আৰু অৰিন্দম বৰকটকী।মূল্য : ৩২০/ ।

গ্ৰন্থ খন ডাকযোগে পাবৰ বাবে যোগাযোগ কৰক :
8638391778

"নীলমণি ফুকন চাৰে কৈছিল বিহুনাম শুনাৰ লগতে পঢ়িবাও। আনন্দ, ঐতিহ্য আৰু সংস্কৃতি তিনিওটাৰ সংযুক্তিৰে বিহুনাম  অনন্য কোমল ল...
25/04/2026

"নীলমণি ফুকন চাৰে কৈছিল বিহুনাম শুনাৰ লগতে পঢ়িবাও। আনন্দ, ঐতিহ্য আৰু সংস্কৃতি তিনিওটাৰ সংযুক্তিৰে বিহুনাম অনন্য কোমল লোককবিতা।"
জাঁজীপৰীয়া বিহুদলক যোৱা ২৫ বছৰে নেতৃত্ব দি চলাই নিয়া কুন্তলা কল্যাণী সন্দিকৈয়ে সংকলন কৰা ৩,৩৩৩টা পুৰণি বিহুনামৰ সুবৃহৎ সংকলন "ৰাতি খতি কৰি কি মণি গাঁথিলা আটাইবোৰ পোৱালৰ মণি" এতিয়া বুক নুক কেফেত উপলব্ধ । ডাকযোগে গ্ৰন্থখন পাবলৈ যোগাযোগ কৰক : 8638391778
মূল্য ৫০০/ ।

04/04/2026

বুক নুক কেফেʼ Book Nook Cafe ৰ পৰা সকলো কবিতা প্ৰেমীলৈ সুখবৰ!
আজি এপ্ৰিল ৪, ২০২৬ তাৰিখৰ পৰা আমি পুনৰ কবিতা পাঠৰ অনুষ্ঠান আৰম্ভ কৰিছো।
কিছু বিশেষ কাৰণত ৭০ টা খণ্ডৰ প্ৰচাৰ হোৱাৰ পিছতে অনুষ্ঠানটো বন্ধ হৈ আছিল।

আজিৰ কবিতা নৱকান্ত বৰুৱাৰ ৭৫ বছৰ গৰকা কবিতা সংকলন

"হে অৰণ্য হে মহানগৰ"ৰ পৰা...

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাস দেবব্ৰত দাসৰ কড়ি খেলাৰ সাধু বুক নুক কেফেত উপলব্ধ। মূল্য : ৩৫০ /।যোগাযোগ ...
30/03/2026

২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা বিজয়ী উপন্যাস দেবব্ৰত দাসৰ কড়ি খেলাৰ সাধু বুক নুক কেফেত উপলব্ধ। মূল্য : ৩৫০ /।
যোগাযোগ কৰক :86383 91778

ক্ৰান্তিকাল প্ৰকাশন, বুক নুক্ কেফে আৰু নিবেদন গ্ৰন্থমালাৰ এতিয়ালৈকে চাৰিখন গ্ৰন্থ প্ৰকাশ পাইছে ।১.পৰিহাৰ্য্য : প্ৰদীপ আ...
26/03/2026

ক্ৰান্তিকাল প্ৰকাশন, বুক নুক্ কেফে আৰু নিবেদন গ্ৰন্থমালাৰ এতিয়ালৈকে চাৰিখন গ্ৰন্থ প্ৰকাশ পাইছে ।
১.পৰিহাৰ্য্য : প্ৰদীপ আচাৰ্য্য
২.কবীন ফুকনৰ কবিতা সমগ্ৰ
৩.ক'ৰ'না ভাইৰাছৰ উত্তৰ আধুনিক বাস্তৱ আৰু আন আন ৰচনা : সমিৰণ বৰুৱা
৪.সেইসকলক কেনেকৈ পাহৰোঁ : উপেন্দ্ৰ বৰকটকী

ৰেহাই মূল্যত ক্ৰয় কৰিবলৈ যোগাযোগ কৰক ।
Ph: 86383 91778

বিহু-সংস্কৃতি আৰু বিহুনাম বিষয়ক কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থ । ডাকযোগে পাবলৈ যোগাযোগ কৰক :+91 86383 91778
25/03/2026

বিহু-সংস্কৃতি আৰু বিহুনাম বিষয়ক কেইখনমান গুৰুত্বপূৰ্ণ গ্ৰন্থ । ডাকযোগে পাবলৈ যোগাযোগ কৰক :
+91 86383 91778

22/03/2026

কিতাপক ভাল পাই কিতাপক ভালপোৱাজনৰ বাবে নগাঁৱত এক বিনম্ৰ প্ৰয়াস বুক নুক কেফে ।

অসমীয়া অনুবাদ সাহিত্যক সমৃদ্ধ কৰা তিনিখন গ্ৰন্থ । ডাকযোগে পাবলৈ যোগাযোগ কৰক ।  Ph : 86383 91778
22/03/2026

অসমীয়া অনুবাদ সাহিত্যক সমৃদ্ধ কৰা তিনিখন গ্ৰন্থ । ডাকযোগে পাবলৈ যোগাযোগ কৰক ।

Ph : 86383 91778

উত্তৰ-পূব ভাৰতৰ লোকভাষাসমূহৰ মুঠ ৩৩ টি প্ৰৱন্ধ লৈ লোকসংস্কৃতিৰ এইবাৰৰ  সংখ্যাতো প্ৰকাশ পাইছে। এইখন এখন সংৰক্ষণযোগ্য গুৰু...
15/03/2026

উত্তৰ-পূব ভাৰতৰ লোকভাষাসমূহৰ মুঠ ৩৩ টি প্ৰৱন্ধ লৈ লোকসংস্কৃতিৰ এইবাৰৰ সংখ্যাতো প্ৰকাশ পাইছে। এইখন এখন সংৰক্ষণযোগ্য গুৰুত্বপূৰ্ণ সংকলন ।

হেমন্ত কুমাৰ শইকীয়াৰ সম্পাদনাত আলোচনীখনে এইবাৰ অষ্টম বৰ্ষত প্ৰবেশ কৰিলে ।

ডাকযোগে ৰেহাই মূল্যত আলোচনীখন পাবলৈ যোগাযোগ কৰক:
+91 86383 91778
+919101331964

(পুৰণি উপলব্ধ সংখ্যাৰ বাবেও যোগাযোগ কৰিব পাৰে ।)

আধুনিক অসমীয়া কবিতাৰ এজন গুৰুত্বপূৰ্ণ কবি ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ বুক নুক কেফেত উপলব্ধ।শৰবিদ্ধ আকাশ(১৯৮৪),বিষাদ বসন্...
11/03/2026

আধুনিক অসমীয়া কবিতাৰ এজন গুৰুত্বপূৰ্ণ কবি ৰফিকুল হোছেইনৰ কবিতা সমগ্ৰ বুক নুক কেফেত উপলব্ধ।
শৰবিদ্ধ আকাশ(১৯৮৪),বিষাদ বসন্ত(২০০৯),চাকিৰ চাংঘৰ(২০১৭) আৰু গোপনৰ অন্তেষপুৰ(২০২১) চাৰিওখন সংকলন একত্ৰে।
মূল্য : ৪৮০/
প্ৰকাশক : গুৱাহাটী বুকছৰ হৈ নীলাভ সৌৰভ
পৃষ্ঠা: ৩৪২

ডাকযোগে ৰেহাই মূল্যত কিতাপখন পাবলৈ যোগাযোগ কৰক:
+91 86383 91778
+919101331964

বুক নুক কেফে  আৰু নগাঁও ইনিচিয়েটিভৰ উদ্যোগত আৰু ভিউফাইণ্ডাৰৰ সহযোগিতাত ৰীমা দাসৰ সৈতে কালি নগাঁৱৰ প্ৰণৱ বৰুৱা  কলাক্ষেত...
11/03/2026

বুক নুক কেফে আৰু নগাঁও ইনিচিয়েটিভৰ উদ্যোগত আৰু ভিউফাইণ্ডাৰৰ সহযোগিতাত ৰীমা দাসৰ সৈতে কালি নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত বিষয় চিনেমা শীৰ্ষক এক মুখামুখি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানটোত ৰীমা দাসৰ বক্তব্য আছিল সৰল ,
মৌলিক আৰু অতি মূল্যবান, ৰাইজৰ উপস্থিতি আছিল উৎসাহজনক । আটাইকে ধন্যবাদ।

Address

B Baruah Road, Keyanpatty
Nagaon

Telephone

+918877550066

Website

Alerts

Be the first to know and let us send you an email when Book Nook Cafe posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category