08/09/2026
অলকেশ চক্ৰৱৰ্তী। তেজপুৰত ঘৰ। মোক মামা বুলি মাতে কাৰণ এটা সময়ত তেওঁ মোৰ তেজপুৰৰ ভাগিন হতৰ শিক্ষক আছিল। মই ধাবা খন খোলাৰ সময়ত তেওঁ যোৰহাটত চাকৰি কৰি আছিল আৰু এদিন ধাবালৈ অহাৰ আশা পুহি ৰাখিছিল। অলপতে তেওঁ বিশ্বনাথ চাৰিআলিলৈ বদলি হ'ল আৰু মৰনৈ ধাবাত এসাঁজ খোৱাৰ তেওঁৰ আশা পূৰণ হ'ল। আশা পূৰণ হ'ল কিন্তু হেপাহ পূৰণ নহ'ল। সেইবাবে তেওঁ মাতৃ ভগ্নী সহ কেইবাবাৰো মৰনৈ ধাবাৰ আহাৰৰ সোৱাদ ল'লে আৰু আটাইতকৈ উল্লেখনীয় কথাটো হ'ল তেওঁ মৰনৈ ধাবাৰ সৰু পুথিভৰাল টোলৈ বুলি এখন কিতাপ উপহাৰ স্বৰূপে লৈ আহিল। আজি অলপদিনৰ আগতে তেওঁ কিতাপ খন আমাক উপহাৰ দি গ'ল যদিও মোৰ অলপ ব্যস্ততাৰ বাবে কথাটো ৰাইজক জনোৱাটো পলম হ'ল। মৰনৈ ধাবা কেৱল এখন ধাবা বা খোৱাৰ ঠাই নহয়, বহুতৰ বাবে এয়া এক ইমোচন। এক ভালপোৱা। এই আবেগ, এই ভালপোৱাই আমাৰ সাৰথি, আমাৰ সাহস!!
Alokesh Chakraborty, from Tezpur, calls me “Mama” because, at one point, he was the teacher of my nieces and nephews in Tezpur.
When I opened Marnoi Dhaba, he was working in Jorhat and had always hoped to visit the dhaba someday. Recently, he was transferred to Biswanath Chariali, and his wish to have a meal at Marnoi Dhaba finally came true.
But his wish did not end with just one meal. He visited Marnoi Dhaba several times, accompanied by his mother and sister, to enjoy our food. What touched us most was that he brought a book as a gift for the small library at Marnoi Dhaba.
He gifted us the book a few days ago, but due to my busy schedule, I am sharing this beautiful gesture with everyone a little late.
Marnoi Dhaba is not merely a dhaba or a place to eat. For many, it is an emotion—a feeling of belonging and love.
This affection, this love and this emotional connection are our greatest inspiration and our strength. ❤️